পৃষ্ঠাসমূহ

Friday, February 20, 2015

অশ্লীল শব্দৰ পয়োভৰ


এনে বহু বাস্ত‌ৱ অভিজ্ঞতা আমাৰ দৰে বহুতৰে নিশ্চয় হৈছে যে, অসমলৈ ফুৰিবলৈ অহা অন্য ৰাজ্যৰ বা বিদেশৰ মানুহে ইয়াৰ ভাষা-সংস্কৃতিৰ অন্য একো নিশিকিলেও হয়তো দুটিমান অশ্লীল শব্দকে শিকি যায় আৰু অসমীয়া মানুহ ক’ৰবাত কেতিয়াবা লগ পালে তেনে শব্দ দুই-চাৰিটা আঁওৰাই বুজাব খোজে যে তেওঁ কিছু পৰিমাণে অসমীয়া ভাষা ক’ব জানে । নিশ্চিতভা‌ৱে ক’ব পাৰি যে এয়া সম্ভ‌ৱপৰ হৈছে কে‌ৱল আমাৰ খাৰ খো‌ৱা জিভাৰে আখৈ ফুটাদি ফুটা অবিৰাম অশ্লীল শব্দৰ প্ৰাচুৰ্যময় প্ৰয়োগৰ বাবে । বিদেশী ভাষা বাদেই, ইংৰাজী আৰু হিন্দী ভাষাও ভালদৰে ফুটাব নো‌ৱাৰা অসমীয়াই কিন্তু স্ব-সৃষ্ট এনে অসৎ আৰু অশ্লীল শব্দৰে ৰাজহু‌ৱা স্থানতো কথা পাতিবলৈ কিঞ্চিত মানো কুন্ঠাবোধ নকৰে , যিয়েই বৰ্তমান সময়ত জাতিটোৰ সন্মান লাঘ‌ৱ কৰা পৰিলক্ষিত হৈছে ।  
       এনে নহয় যে, কে‌ৱল অসমীয়াইহে অশ্লীল শব্দ ব্য‌ৱহাৰ কৰে । Slang (স্লেং) বা অশ্লীল শব্দ পৃথি‌ৱীৰ সকলো ভাষাতেই কম-বেছি পৰিমাণে পো‌ৱা যায় । কাৰণ এনে শব্দবোৰ প্ৰতিটো জনগোষ্ঠীৰে আদিম সংস্কৃতি আৰু পৰম্পৰাৰ পৰাই ওপজে । যৌনাচাৰ যিহেতু প্ৰতিটো গোষ্ঠীৰে অপৰিহাৰ্য সংস্কৃতি, গতিকে প্ৰতিটো জনসমষ্টিতেই অশ্লীল শব্দৰ সমাহাৰ হো‌ৱাটো অতি স্বাভা‌ৱিক । সভ্য সমাজ পাতি বসবাস কৰিলেও প্ৰতিজন মানুহৰ মনত অলক্ষিতে সোমাই থকা আদিম যৌনতাৰ প্ৰতি থকা আকৰ্ষণৰেই বহি:প্ৰকাশ হৈছে এই অশ্লীল শব্দবোৰ ।
যদিও শিক্ষিত অভিভাৱকে নিজৰ সন্তানক কেতিয়াও এনে শব্দবোৰ শিকাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা নকৰে তথাপি কিন্তু ল’ৰা-ছো‌ৱালীয়ে ঠিক কেতিয়াৰপৰা এইবোৰ শিকিবলৈ লয়, সেয়া বহু অভিভা‌ৱকে কাহানিও গমেই নাপায় । অন্যহাতে, আমাৰ সমাজত অশিক্ষিত বহু পৰিয়ালত মাক-দেউতাকৰ সমানে সমানে বহু সন্তানে অশ্লীল ভাষাত কথা পতাও দেখা যায় । ছাত্ৰা‌ৱাসত থাকিবলৈ লো‌ৱা ল’ৰাবোৰে আপুনাআপুনি এনে শব্দবোৰ শিকি পেলো‌ৱাটো অতি সাধাৰণ দৃশ্য তথাকথিত ‘উচ্চ শিক্ষিত’ আখ্যা পো‌ৱা ডাক্তৰি বা ইঞ্জিনীয়াৰিং পঢ়িবলৈ যো‌ৱা প্ৰায় প্ৰতিজন ল’ৰাৰ মুখত যে এনে অশ্লীল শব্দই শোভা বৰ্ধন কৰে তাৰ চাক্ষুস প্ৰমাণ আমি পাইছো । অ‌ৱশ্যে এই কথা স্বীকাৰ কৰিব লাগিব যে, শিক্ষিত ডেকা এজনে হোষ্টেলীয়া জী‌ৱনত লগৰীয়াৰ সতে অশ্লীল শব্দ মিশ্ৰিত ভাষাৰে কথা পতাটো‌ৱেই নুবুজায় যে ল’ৰাজন ইতিমধ্যেই নৈতিকভা‌ৱে ধ্বংসপ্ৰাপ্ত বুলি। ছাত্ৰজ‌ী‌ৱনত অনেক জনেই বহু গঠনমূলক আলোচনা, ৰোমাঞ্চকৰ অভিজ্ঞতা, প্ৰেম, ধৰ্ম, ৰাজনৈতিক সমালোচনা ,শিল্প-সাহিত্য এই সকলোবোৰৰ বিষয়ে আড্ডা দিয়ে কিন্তু অশ্লীল শব্দ মিহলি কথা-বাৰ্তাৰেই । বৰ্তমান অসমৰ প্ৰতিষ্ঠিত বুদ্ধিজী‌ৱি, উকীল,  কবি-সাহিত্যিক, নাট্যকাৰ বা উচ্চ পদস্থ বিষয়া কোনো এজনেও হয়তো বুকু ডাঠি ক’ব নো‌ৱাৰিব যে তেওঁ আজিলৈকে এটাও অশ্লীল শব্দ কৈ পো‌ৱা নাই ।
অন্তৰংগতা বঢ়ো‌ৱাৰ স্বাৰ্থতে বহুজনেই আকৌ অশ্লীল শব্দৰে কথা পাতি ভাল পায় । এনে বহু আচহু‌ৱা নতুন পৰি‌ৱেশো পো‌ৱা যায় য’ত এটা অশ্লীল শব্দ মুখৰপৰা ওলো‌ৱা মানেই শ্ৰোতাজনে বুজি পায় যে কওঁতাজন তেওঁৰেই সতীৰ্থ । বহু প্ৰতিভা‌ৱান ডেকা আমি দেখিছো, যি নিজৰ সমনীয়াৰ সতে যদিও অশ্লীল শব্দ ব্য‌ৱহাৰ কৰিয়েই কথা পাতে, সমাজৰ মাজত বা জ্যেষ্ঠজনৰ আগত কিন্তু যথোচিত ভদ্ৰতা আৰু সৌজন্যতা বজাই সৌহাৰ্দপূৰ্ণ বাৰ্তালাপ কৰিব জানে । সেয়ে হয়তো শিক্ষিত ল’ৰা-ছো‌ৱালীহঁতৰ অধিকাংশকেই  একান্ত ব্যক্তিগত সময়ৰ কথা বাদ দি নিজৰ কৰ্মৰত জী‌ৱনত বা সামাজিক জী‌ৱনত এনে অশ্লীল শব্দ ব্য‌ৱহাৰ কৰা এটা সময়ত  সাধাৰণতে চকুত নপৰিছিল ।
কিন্তু আজিৰ তাৰিখত সৰ্বত্ৰে বিনাসংকোচে শুনিবলৈ পো‌ৱা এনে অশ্লীল বাক্যবাণসমূহ কিন্তু সঁচাকৈয়ে এক উদ্বেগৰ বিষয় হৈ পৰিছে । কিয়নো ৰিক্সা‌ৱালা, থেলা‌ৱালাৰ সমানে সমানে আজিকালি অশ্লীল শব্দৰে উচ্চস্বৰত কথা পাতিবলৈ লৈছে বাটে-পথে অ’টো‌ৱালা,ড্ৰাইভাৰ,হেণ্ডিমেন,কৰ্মৰত পুলিছ বা দোকানৰ মালিক-কৰ্মচাৰীয়ে । জ্যেষ্ঠ ব্যক্তি,মহিলা, শিশু বা কিশোৰ কাৰোৰে প্ৰতি কোনো ভ্ৰুক্ষেপ নকৰাকৈ আজিকালি মানুহে ব্য‌ৱহাৰ কৰে অশ্লীল শব্দ ,যাৰ কোনো প্ৰতিবাদ কৰিবলৈকো আপোনাৰ বা মোৰ সাহসৰ অভা‌ৱ । কাৰণ, তেওঁলোকৰ লগত এখুণ্ডা লগা মানে নিজৰেই বিপদ নিজে চপাই লো‌ৱাৰ নিচিনা কথা ।
আৰু ইয়াতকৈ অধিক চিন্তাৰ বিষয় হৈছে এয়ে যে বৰ্তমানে সম্ভ্ৰান্ত ঘৰৰ ডেকা ল’ৰাই নিজৰ ‘স্টেটাচ’ বুজাবৰ বাবে অশ্লীল শব্দৰে কথা ক’বলৈ আৰম্ভ কৰিছে, যিটো‌ৱে সোঁচৰা ব্যাধিৰদৰে শিক্ষিত-অশিক্ষিত,ধনী-দুখীয়া সকলো ডেকা ল’ৰাকে প্ৰভা‌ৱান্বিত কৰিছে। ধৰ্ষণ, নাৰী-নিৰ্যাতন, যৌন-নিপীড়ণ,শিশু-শ্ৰম আদি ভিন্ন ধৰণৰ অপৰাধ সমাজত গা-কৰি উঠাতো এই অশ্লীল ভা‌ৱ-ভাষাই যথেষ্ট বৰঙণি আগবঢ়ায়। এই ধাৰা বৰ্তি থাকিলে সমাজত অচিৰেই সুস্থ বাতা‌ৱৰণ হেৰাই যাব ।  ন‌ৱ-প্ৰজন্মৰ মাজত লাহে লাহে হয়তো সৃষ্টিশীলতা বা ধনাত্মক চিন্তাধাৰা কমি যাবলৈ ল’ব ,যিটো এখন উন্নয়নকামী সংস্কাৰমুখী সমাজৰ বাবে কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । আমি সকলো‌ৱে এই বিষয়ৰ প্ৰতি সজাগ হ’বৰ হ’ল ।
    -------------------------০০০----------------------- 
অৰুণজ্যোতি দাস, ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২
       (দূৰভাষ-৯৪৩৫১৫২৭৬৮)

Tuesday, May 31, 2011

“ভাষাত বিদেশী শব্দৰ প্ৰাদুৰ্ভা‌ৱ”

যিকোনো ভাষাতে অন্য ভাষাৰপৰা ‘ধাৰ কৰা’(আচলতে ব্য‌ৱহাৰৰ ফলত জনপ্ৰিয় হো‌ৱা) শব্দৰ যে পয়োভৰ থাকে ,সি অনস্বীকাৰ্য। তাৰে কিছু শব্দ ভাষাবিদসকলে চালিজাৰি চাই (ব্য‌ৱহাৰ আৰু উৎসৰ ভিত্তিত) সেই ভাষাটোত অন্তৰ্ভুক্ত কৰে আৰু অভিধানত স্থান দি তাৰ স্থায়িত্ব প্ৰদান কৰে ।

গতিকে এনে অনা-অসমীয়া শব্দসমূহৰ বহুল প্ৰচলন আৰু জনপ্ৰিয়তা সত্ত্বেও তাৰে কিছুমান শব্দই অভিধানত স্থান নাপায় ।আমি ভা‌ৱো,যিবোৰ অনা-অসমীয়া শব্দৰ একোটা সুন্দৰ অৰ্থবহ অসমীয়া প্ৰতিশব্দ (প্ৰকৃততে পূৰ্ণাংগ,স্ব-ব্যাখ্যাকাৰী আৰু সংজ্ঞাবদ্ধ শব্দ) ইতিমধ্যেই বৰ্তীয়মান,তেনে শব্দক ন-কৈ অভিধানভুক্ত কৰি ভাষাটোৰ জটিলতা আৰু বহুৰূপিতা বৰ্ধন কৰাৰ কোনো প্ৰয়োজন নাই ।

তেনে কিছু শব্দৰ উদাহৰণ হ’ল-TV(দূৰদৰ্শন),Cable(পৰি‌ৱাহী তাঁৰ),Cup(পিয়লা),Loan(ধাৰ,ঋণ),Hall(প্ৰেক্ষাগৃহ/আহল-বহল কোঠালী),Room(কোঠা),Light(পোহৰ),Table(মেজ),Photo(আলোকচিত্ৰ),Toilet(শৌচালয়) আদি।

অন্যহাতে যিবোৰ জনপ্ৰিয় অনা-অসমীয়া শব্দৰ সৰ্বজনস্বীকৃত অসমীয়া প্ৰতিশব্দ নাই আৰু যাৰ অভিধানত স্থান দিয়াৰ প্ৰয়োজনীয়তা আছে,তেনে দুই এটা শব্দ হ’ল-Bulb,Plate,Laptop,Internet,Switch,Degree আদি।

‘কাপ’,’ফ’টো’,’টেবুল’,’ড্ৰয়াৰ’ আদি শব্দবোৰ(যাৰ অসমীয়া প্ৰতিশব্দ আছে),আজিকালি কে‌ৱল কথিত ৰূপতেই আ‌ৱদ্ধ নাথাকি বহু বাতৰি-কাকত,আলোচনী বা অন্য গল্প-উপন্যাসতো ব্য‌ৱহাৰ হো‌ৱাৰ ফলত এইবোৰ আমাৰ চিনাকী অসমীয়া শব্দ যেনেই লগা হৈছে। কিন্তু এটা কথা আপোনাস‌ৱে লক্ষ্য কৰিব যে কবিতা বা গভীৰ সাহিত্যত এনে শব্দৰ প্ৰয়োগ খুবেই কম হয় আৰু কোনো‌ৱে ব্য‌ৱহাৰ কৰিলেও সি পঢ়োতাৰ মনত সুন্দৰ ভা‌ৱাবেগৰ সৃষ্টি কৰিবলৈ সমৰ্থবান নহয়।গতিকে এই কথা স্পষ্ট হৈ পৰে যে এজন মানুহৰ নিজস্ব আবেগ-অনুভূতিক একেটা ৰূপতে আক্ষৰিক ভা‌ৱে প্ৰকাশ কৰিব পৰাৰ যি ক্ষমতা এটা ভাষাই বহন কৰে তাত এই জনপ্ৰিয় অনা-অসমীয়া শব্দসমূহে তিলমানো অৰিহণা যোগাব নো‌ৱাৰে । গতিকে অদূৰ ভ‌ৱিষ্যতে এনে শব্দসমূহৰ অবাধ প্ৰচলনে ভাষাটোৰ স্বকীয়তা আৰু সৰলতাক বিনষ্ট কৰি অসমীয়া ভাষাটোক মেৰুদন্ডহীন কৰি তুলিব বুলি আমি আশংকা প্ৰকাশ কৰিছো।আমাৰ উঠি অহা ল’ৰা-ছো‌ৱালীয়ে TV,Cup,Table এই শব্দবোৰৰ অসমীয়া প্ৰতিশব্দ নজনাকৈয়ে “খিছিৰি ভাষা”ত কথা পাতিবলৈ আৰম্ভ কৰিব,যিটো ইতিমধ্যেই মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ কথা-বতৰাত উপলব্ধ হো‌ৱা দেখা গৈছে।অ‌ৱশ্যে এনে ক্ষেত্ৰত অভিভা‌ৱকৰ অমনোযোগিতাক দোষাৰোপ কৰিব পাৰি।

বিশুদ্ধ অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে এই গোট,অন্য জালস্থান অথবা অন্য মাধ্যমৰ যোগেদি যিসকল সদাশয় ব্যক্তিয়ে যথাকিঞ্চিত হ’লেও প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেওঁলোকলৈ আমাৰ অনুৰোধ যাতে যিকোনো ধৰণৰ ভাষাভিত্তিক প্ৰশ্নোত্তৰ শিতান বা অন্য আলোচনাত অনা-অসমীয়া জনপ্ৰিয় শব্দটোতকৈ বিশুদ্ধ অসমীয়া শব্দটোৰ ব্য‌ৱহাৰতহে গুৰুত্ব আৰোপ কৰে ।

যিকোনো লোকে এনেদৰে সোধা আমাৰ চকুত নপৰে –

“ভাইটি, তুমি কোন শ্ৰেণীত পঢ়া? ”। আৰু গতিকেই ইয়াৰ উত্তৰটোও “মই সপ্তম শ্ৰেণীত পঢ়ো” বুলি সততে উচ্চাৰিত নোহো‌ৱাটো এটা স্বাভা‌ৱিক পৰিঘটনা হৈ পৰিছ।

অন্য এটা উদাহৰণ লওঁক । অশিক্ষিত সকলে সমাজত প্ৰচলিত আচাৰ-ব্য‌ৱহাৰ তথা ভাষাকো অনুকৰণ কৰি শিকি লয়,গতিকে তেওঁলোকৰ কথা সুকীয়া।কিন্তু শিক্ষিত কোনো এজন অসমীয়া লোকে এই বুলি জিজ্ঞাসা কৰা নিশ্চয় শুনা নাযায়- “অনিন্দিতা,তোমাৰ ফলাফল কেনে হ’ল?”। সেয়েহে স্বাভা‌ৱিকতে সিপক্ষৰ পৰা সঁহাৰি কাহানিও নাহে এইবুলি –“খুড়ীদেউ, ভাল খবৰ এটা আছে, মই প্ৰথম বিভাগত উত্তীৰ্ণ হ’লো!” আৰু প্ৰত্যুত্তৰত –“বা: খুব সুন্দৰ! অভিনন্দন! তোমাৰ ভ‌ৱিষ্যত জী‌ৱনলৈ মোৰ শুভকামনা আছে,সোনজনী! আগবাঢ়ি যো‌ৱা” ।(এনেকে ক’লে আজিকালিৰ সোনজনীয়ে নিশ্চয় খুড়ীয়েকৰ প্ৰতি নাক কোঁচাব !)

কিন্তু আশ্চৰ্য যে,এনে কথোপকথনৰ পটভূমি কোনো উপন্যাস-চলচ্চিত্ৰৰ নহয়, বৰঞ্চ এইবোৰ আমাৰ দৈনন্দিন জী‌ৱনত সঁচৰাচৰ উদ্ভ‌ৱ হো‌ৱা পৰিস্থিতিৰ উদাহৰণ মাত্ৰ!আপুনিও নিশ্চয় এনে পৰি‌ৱেশত ইংৰাজী মিহলি অসমীয়াত আপোনাৰ শুভাকাংক্ষীক শুভেচ্ছা জনাইছে।

স্বাভা‌ৱকতে এই লেখাত ক্ষুন্ন হৈ কোনোয়ে মন্তব্য আগবঢ়াব পাৰে যে,-“এনে ৰক্ষণশীল মনোভংগী প্ৰগতিৰ বাটত হুল স্বৰূপ। পৰি‌ৱৰ্তনক আমি মানি ল’বই লাগিব।এইবোৰ ধৰি থাকিলে নচলিব। আৰু বহু সমস্যা আছে আমাৰ আলোচনাৰ বিষয়বস্তু হিচাপে!” তাৰ উত্তৰত আমি ক’ম যে হয়,আৰু বহু সমস্যা আছে অসমীয়াৰ । কিন্তু ভাষা-সংস্কৃতি অবিহনে জাতি এটা মূৰ দাঙি উঠা সম্ভ‌ৱনে ?অসমীয়াভাষী লোকৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হো‌ৱাৰ এই দু:সময়ত যিসকলে নিজৰ দেশ,মাতৃভাষাক ভাল পাবলৈ শিকিছে, তেওঁলোকে যদি এইক্ষেত্ৰত কিঞ্চিতো চিন্তা নকৰি কে‌ৱল দুবেলা দুমুঠি খাই হাত সা‌ৱতি বহি থাকে , তেন্তে ভাষা তথা জাতিৰ বিলুপ্তি অসাধাৰণ কথা নহ’ব ।

আমি প্ৰশ্ন কৰোঁ,-“সুপ্ৰভাত” আৰু “শুভৰাত্ৰি” শব্দ দুটি শুনিবলৈ শু‌ৱলা নহয় নে ইহঁতে “Good Morning” আৰু “Good Night” কথা দুটাক প্ৰকৃতভা‌ৱে বুজাবলৈ অসমৰ্থ?

আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল এয়ে যে-“নচলাৰ কোনো কথা নাই! চলালেই চলিব!” মাথো আপোনাৰ আগ্ৰহৰ প্ৰয়োজন । সকলোতে চলিছে বুলিয়েই যে আপুনিও দূৰভাষত বাৰ্তালাপ কৰোতে প্ৰথম শব্দটি “Hello” বুলি ক’ব লাগিব ধৰণৰ বিধেয়ক আজিকোপতি উত্থাপিত হো‌ৱা নাই। আপুনি “নমস্কাৰ,হয় কওঁকচোন” বুলি কো‌ৱাত বাধা নাই !

“বিদ্যালয়”,”মহাবিদ্যালয়”,”ছাত্ৰা‌ৱাস”,”পিয়লা” আদি শব্দৰ যিদৰে ইতিমধ্যেই প্ৰায় বিলুপ্তি ঘটিছে,ঠিক একেদৰে অনা-অসমীয়া শব্দৰ প্ৰাদুৰ্ভা‌ৱে প্ৰতিটো অসমীয়া শব্দৰে স্থান অধিগ্ৰহণ কৰিব পাৰে বুলি ভ‌ৱা কথাটো অমূলক নহয়। অসমীয়াৰ মানসিকতা আৰু বৰ্তমান পৰিস্থিতি গমি-পিতি কেতিয়াবা আমাৰ ভা‌ৱ হয়- ভাষাপ্ৰেমী দুজন ব্যক্তিয়েই অনাগত দিনত বৰ্তি‌ৱ পাৰিব-এজনে ভাষাভিত্তিক গ্ৰন্থ তথা অভিধান প্ৰণয়ন আৰু গ‌ৱেষণা কৰিব; আনজনে তেওঁক ‘ডক্টৰেট’ উপাধি প্ৰদান কৰিব ।অভিধান তথা এনে ভাষাবিজ্ঞানৰ পুথিসমূহে মানুহৰ চ’ৰাকোঠা অথবা গ্ৰন্থাগাৰ শু‌ৱনী কৰিব আৰু তাৰ ভিতৰত বন্দী থাকিব সেই দুজন স্বহীদৰ স্বভাষাপ্ৰীতি!

(মতামত বাঞ্চনীয়)।

Thursday, April 21, 2011

তালিকা-১

১৷ নিগনি
২৷ নিগনি(ৰ)-দলিচা
৩৷ কঠিনতন্ত্ৰ
৪৷ স্নিগ্ধতন্ত্ৰ
৫৷ পৰ্দা
৬৷ পৰশ-পৰ্দা
৭৷ বিনোদ-দণ্ড
৮৷ চাবিফলি
৯৷ কোলাতলোৱা
১০৷ মেজতথোৱা
১১৷ আন্তঃজাল
১২৷ জালস্থান
১৩৷ জালপৃষ্ঠা
১৪৷ স্মৃতি
১৫৷ সতাঁৰ
১৬৷ পৰিচালন-প্ৰণালী, চমুকৈ, "পৰিপ্ৰ"
১৭৷ সন্ধানযন্ত্ৰ
১৮৷ যান্ত্ৰিক মকৰা
১৯৷ জালান্বেষণ / জালান্বেষক => জালাষণ / জালাষক
২০৷ সতাঁৰ
২১৷ বেতাঁৰ
২২৷ মুদ্ৰক
২৩৷ নিবেশপেৰা
২৪৷ নিৰ্গমপেৰা
২৫৷ প্ৰেৰিতপেৰা
২৬৷ চলচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (চগ্ৰয)
২৭৷ আলোকচিত্ৰ গ্ৰহণকাৰী যন্ত্ৰ (আগ্ৰয)
২৮৷ জুলিয়া ষ্ফটিক পৰ্দা