পৃষ্ঠাসমূহ

পাতনি

পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে "মাউচ্" বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হ’য়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি' বুলিয়ে ক’ব নোৱাৰোনে? আমেৰিকাৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে ক’লা বৰণীয়া৷

বহুতে যুক্তি দিয়ে যে 'নিগনি' বুলি ক’লে বৰ হাঁহি উঠা হ’ৱ৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো' বুলি ক’লেও হাঁহি উঠিবলৈ একো নাই৷

কোনো কোনোৱে কয় এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰিব৷ কিন্তু আমি ভাৱো প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে, সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালীৰ সৃষ্টি নহয়৷ কিন্তু ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি? ভাষাটোৰ এটা নিজস্বতা থাকিব৷

আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত উদ্যমী নহওঁ কিয়?

এই জালপঞ্জীত দৈনন্দিত জীৱনত ব্যৱহাৰ কৰিব পৰা ন-পুৰণি অসমীয়া (বৈজ্ঞানিক) শব্দ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি থবলৈ বা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিম৷ আপোনালোকৰ নিজস্ব জালপঞ্জী বা আন লিখনিত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালো৷

ব্যৱহাৰেহে কোনটো শব্দ গ্ৰহণীয় হ’ব বা নহ’ব তাক নিৰূপণ কৰিব৷ গতিকে just ব্যবহাৰ কৰক, শব্দটো জনপ্ৰিয় কৰি তোলক, বছ, আন কোনো তৰ্ক-বিৰ্তক, যুক্তি-অযুক্তি কৰাৰ প্ৰয়োজন নাই৷ সময়ৰ অগ্নি-পৰীক্ষাত এইবোৰে যদি উত্তীৰ্ণ হয়, সমাজে যদি গ্ৰহণ কৰে, এসময়ত এইবোৰে অভিধানত স্থান পাব৷ অন্যথা ভাষানৈয়ে পাৰত এৰি থৈ যাব আৰু ক্ৰমান্নয়ে সময়ৰ বুকুত জাহ যাব৷